ব্যতিক্ৰমী ৰূপত বিদায় জনালে টীয়কৰ আমতল চিন্তামনি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকক। নাম প্ৰসংগ আৰু ভাগৱত পাঠ কৰি সহ শিক্ষক আৰু স্থানীয় ৰাইজে জনালে বিদায়।

Share This Post

ব্যতিক্ৰমী ৰূপত বিদায় জনালে টীয়কৰ আমতল চিন্তামনি মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকক।
নাম প্ৰসংগ আৰু ভাগৱত পাঠ কৰি সহ শিক্ষক আৰু স্থানীয় ৰাইজে জনালে বিদায়।

VO :- আজি ২৫ নৱেম্বৰ তাৰিখে টিয়ক আমতল চিন্তামনি মজলীয়া বিদ্যালয়ৰ বিদায়ী প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ গগৈয়ে নবনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী অৰ্চনা দাসৰ হাতত প্ৰধান শিক্ষকৰ তথ্য পাতি জমা দি কাৰ্যভাৰ হস্তান্তৰ কাৰ্য্যসূচী সম্পাদন কৰে। আজিৰ কাৰ্যভাৰ হস্তান্তৰ কাৰ্যসূচী ভাগ দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত। সহকাৰী শিক্ষকসকল আৰু স্থানীয় ৰাইজৰ সহযোগত নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ অনুষ্ঠানৰ যোগেদি প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ গগৈক বিদায় সম্ভাষন জনায়। উল্লেখ্য যে অহা ইংৰাজী ৩০ নবেম্বৰ তাৰিখে বিদায়ী প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ গগৈৰ চাকৰি কাৰ্যকাল সমাপ্ত হ’ব। আজি বিদায় সম্ভাষন জনালেও ৩০ নবেম্বৰলৈকে ইন্দ্ৰেশ্বৰ গগৈয়ে শিক্ষকতা চলাই যাব বুলি বিদায়ী প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ গগৈয়ে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *