যোৰহাট জিলা এথ্‌লেটিক এচ’চিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা এথ্‌লেটিক মীট-২০২১ত টীয়কৰ জাঁজীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰশংসনীয় সফলতা লাভ

Share This Post

যোৰহাট জিলা এথ্‌লেটিক এচ’চিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা এথ্‌লেটিক মীট-২০২১ত টীয়কৰ জাঁজীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰশংসনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।২০আৰু ২১ নবেম্বৰ, ২০২১ তাৰিখে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত এই বিদ্যালয়ৰ পৰা-৬০০মিটাৰ দৌৰত প্ৰিয়ংকা টায়ে প্ৰথম আৰু বাবলু বনিয়া দ্বিতীয় স্থান লাভ কৰাৰ লগতে জেভেলিন থ্ৰ’ত প্ৰতিযোগিতাত চিত্ৰলেখা কলিতাই প্ৰথম আৰু ৰশ্মিৰেখা বৰা দ্বিতীয় পুৰষ্কাৰ লাভ কৰিছে।আনহাতে ছাত্ৰীৰ ১০০ মিটাৰ দৌৰত চিত্ৰলেখা কলিতাই দ্বিতীয় আৰু ৰশ্মিৰেখা বৰা তৃতীয় স্থান আৰু ১৬০০মিটাৰ দৌৰত প্ৰিয়ংকা টায়ে দ্বিতীয় স্থান লাভ কৰে৷ শ্বটপুট থ্ৰ’ প্ৰতিযোগিতাত পুজা পেগুৱে তৃতীয় স্থান হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে।
যোৰহাট জিলাৰ অতি পিছপৰা তথা প্ৰতিবছৰে বানেধোৱা অঞ্চলৰ বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে, নুন্যতম সা- সুবিধাৰে অনুশীলন কৰিও জিলা পৰ্যায়ত প্ৰদৰ্শন কৰা এনে উন্নত ফলাফলত সমগ্ৰ বিদ্যালয়ৰ শিক্ষক – কৰ্মচাৰী, শিক্ষাৰ্থী, পৰিচালনা সমিতিৰ লগতে অঞ্চলটিৰ ৰাইজৰ মাজত আনন্দৰ ঢল বোৱা দেখা গৈছে৷