১১ নং পূৱ লাহিং গাওঁ পঞ্চায়তত পঞ্চম বাৰলৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মিৰ সম্বৰ্দ্ধনা অনুষ্ঠান:

Share This Post

১১নং পূৱ লাহিং গাওঁ পঞ্চায়তত পঞ্চম বাৰলৈ বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মিৰ সম্বৰ্দ্ধনা অনুষ্ঠান:
কিয় আৰু হাঁহিব নোখোজে ৰূপজ্যোতি কুৰ্মীয়ে:

101 নং মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা পাছত পুনৰ পঞ্চম বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচন হোৱাৰ পাছত উৎফুলিত হৈ পৰিছে বি জে পি কৰ্মকৰ্তা সকল। মৰিয়নি সমষ্টিৰ বিভিন্ন প্ৰান্তত বিধায়ক ৰূপজ্যোতি কূৰ্মিক সম্বৰ্দ্ধনা জনোৱা লগতে আজি পূব লাহিং গাওঁ পঞ্চায়তত ৰাজহুৱা ভাৱে সম্বৰ্দ্ধনা জনায় 11 নং পূৱ লাহিংৰ সমূহ বি জে পি কৰ্মকৰ্তাই।উক্ত সম্বৰ্দ্ধনা অনুষ্ঠান টোলৈ আহোতে বিধায়ক ৰূপজ্যোতি কুর্মিক দেখা গল বাইক ৰাইদাৰ হিচাপে। আগন্তুক দিনক মৰিয়নি সমষ্টিৰ উন্নয়নৰ কাৰণে সকলো সময়তে ৰাইজৰ লগত থকাৰ প্ৰতিচ্চুতি দিয়ে বিধায়ক গৰাকীয়ে। মৰিয়নিৰ পৰা দেৱবিকাশ দত্তৰ ৰিপোৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *