আমগুৰিৰ জালুক গাওঁত শালিধানৰ সু-সংহত শস্য সুৰক্ষা ব্যৱস্থাপনা আৰু পাৰিপাৰ্শ্বিক বিষয় সম্বলীত প্ৰচেষ্টা সম্পৰ্কীয় সভা

Share This Post

আমগুৰিৰ জালুক গাওঁত শালিধানৰ সু-সংহত শস্য সুৰক্ষা ব্যৱস্থাপনা আৰু পাৰিপাৰ্শ্বিক বিষয় সম্বলীত প্ৰচেষ্টা সম্পৰ্কীয় সভা

শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্ত সোণোৱাল খণ্ডৰ জালুক গাওঁত নিতুল শইকীয়া নামৰ কৃষক জনৰ কৃষি পথাৰত শালি ধানৰ ১০ টা প্ৰজাতিৰ সমাহাৰেৰে বৈজ্ঞানিক পদ্ধতিৰে কিদৰে কৃষি কৰ্ম সম্পাদন কৰিব পাৰি তাৰ সম্পৰ্কে কৃষক সকলক অৱগত কৰাৰ উদেশ্য “শালি ধানৰ ১০ টা প্ৰজাতিৰ” সমাহাৰে এক কৃষি কৰ্ম সম্পাদন কৰা হৈছিল । আজি উক্ত কৃষি ভূমিতে স্থানীয় কৃষক সকলক আমন্ত্ৰণ কৰি আনি কৃষি বিভাগে “কৃষি সজাগতা সম্পৰ্কীয় এক সভাৰ আয়োজন কৰাৰ কৃষি বিভাগে লোৱা এই পদ্ধতি সম্পৰ্কে কৃষক সকলৰ মতামত গ্ৰহণ কৰে । অনুষ্ঠিত সভাখনিত মূলত সু-সংহত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা সম্পৰ্কত কৃষক সকলৰ আগত কৃষি বিষয়া সকলে বিশদ পৰ্যালোচনা আগবঢ়াই । এই কাৰ্যসূচীত কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি বিষয়া মহিম শইকীয়া,আমগুৰি কৃষি উন্নয়ন বিষয়া হেপ্পী ভঁৰালী,জামুগুৰি কৃষি উন্নয়ন বিষয়া মৃগাংকা শৰ্মা,সুৰজ জ্যোতি বৈশ্য,গণলক্ষ্মী নাৰ্জাৰী,জয়ন্ত ৰঞ্জন গগৈ,গ্ৰামসেৱক গিৰিধৰ নাথ আদি উপস্থিত থাকে ।।

আমগুৰি পৰা ৰেৱত দত্ত ৰিৰ্পট ৷

Leave a Reply

Your email address will not be published. Required fields are marked *