টীয়কত “অসম আদৰ্শ গাওঁ যোজনা” আঁচনি উদ্ধোধন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ।।

Share This Post

।। টীয়কত “অসম আদৰ্শ গাওঁ যোজনা” আঁচনি উদ্ধোধন বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ।।

টীয়ক , ৯ নৱেম্বৰ = মংগলবাৰে “অসম আদৰ্শ গাওঁ যোজনা” 2019-20 বৰ্ষৰ অধীনত মংগলবাৰে আদৰ্শ গাওঁ আচঁনি অধীনত পূৱটীয়ক গাঁও পঞ্চায়ত আৰু চিন্তামণিগড় পঞ্চায়তত মাননীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰে।
এজাৰগুৰি ৰংগমঞ্চ আৰু পকী বেৰা নিৰ্মাণ , সৰুলৰা দাস প্ৰেভাৰ ব্লকপথ আৰু নেপালী গাঁৱৰ প্ৰেভাৰ ব্লক পথ , ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেৰামতি , অৰুণামুখ মাজৰ চাপৰি প্ৰাথমিক বিদ্যালয় নৱ নিৰ্মাণ আৰু অৰুণামুখ – এজাৰগুৰি প্ৰেভাৰ ব্লক পথৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়িকাই। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে টীয়ক বিধান পৰিষদৰ সভাপতি শ্ৰী বিকাশ শইকীয়া ,কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া , যোৰহাট জিলা অগপৰ সম্পাদক দ্বীপেন বুঢ়াগোহাঁই , কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পুণ্য কোঁচ , কলিয়াপানী খণ্ডউন্নয়ন বিষয়া শ্ৰী য়ুত অজয় গগৈ , সহকাৰী অভিযন্তা আব্দুল
মবিন , ইমদাদ আলি ,দিগন্ত শ্যাম ,পূব টীয়ক গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমী বৰা ,চিন্তামনিগড় আঞ্চলিক পঞ্চায়তৰ সদস্যা অৱন্তী ফুকন উপস্থিতি থাকে।

প্ৰেৰক স্মৃতি প্ৰিয়া লাহন