সুধাকন্ঠ একাডেমীক বঁ‌টাৰে সন্মানিত বোৰ্কাৰ শিল্পী হলিৰাম কলিতা।

Share This Post

সুধাকন্ঠ একাডেমীক বঁ‌টাৰে সন্মানিত বোৰ্কাৰ শিল্পী হলিৰাম কলিতা।

কামৰূপ জিলাৰ চাংসাৰি সমীপবৰ্তী মনিয়েৰীস্থিত সুধাকন্ঠ একাডেমীক এক্সেলেন্সীত আজি সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ৯ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে এক্সেলেন্সীৰ অধ্যক্ষ দীনেশ শৰ্মাই।ইয়াৰ পিছতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতা শুভাৰম্ভ কৰে সাংস্কৃতিক শিল্পী মনেশ্বৰ দাসে।উক্ত প্ৰতিযোগীতাত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰিহান আহমেদ, দ্বিতীয় ভৈৰবী দাস আৰু তৃতীয় হৃদিশা পাটোৱাৰী।একেদৰে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম প্ৰতীক নাথ,দ্বিতীয় দীপান্বিতা কলিতা আৰু তৃতীয় তীৰ্থাংকৰ ভড়ালীয়ে লাভ কৰে।একেদৰে নৃত্য প্ৰতিযোগীতাত প্ৰথম ত্ৰিয়াক্ষা ডেকা,দ্বিতীয় ধৃতি ৰাজবংশী আৰু তৃতীয় ভায়োলিনা কলিতাই লাভ কৰে। দিনৰ ১১ বজাত মুকলি সভা আৰু ড°ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কাৰ্যসূচীত পোনপ্ৰথমবাৰৰ বাবে সুধাকণ্ঠ একাডেমীক শৈক্ষিক ন্যাসৰ তৰফৰ পৰা সংগীতজগতৰ লগত জড়িত বোৰ্কাৰ বিশিষ্ট শিল্পী হলিৰাম কলিতাক ২০২১ চনৰ ” সুধাকণ্ঠ একাডেমীক বঁটা”ৰে সন্মানিত কৰা হয়।একেদৰে মালতী কলিতাকো সন্মানিত কৰা হয়।উক্ত অনুষ্ঠানত অংশ লয় শ্বেখ আব্দুল ফিৰোজ,চালেহা আহমেদ,ৰোস্না বেগম,চিৰঞ্জীৱ কলিতাই।

কমলপুৰৰ পৰা দেৱজিত ডেকাৰ প্ৰতিবেদন ।