চাংসাৰিৰ বোৰ্কাত কৌতুহল ।

Share This Post

চাংসাৰিৰ বোৰ্কাত কৌতুহল ।

কামৰূপ জিলাৰ চাংসাৰিৰ নিকটবৰ্তী বোৰ্কাত শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত যোৱাকালি সন্ধিয়াৰে পৰা কৌতুহলৰ সৃষ্টি হৈছে ।মন্দিৰ চৌহদৰ ভিতৰত থকা বেলগছজোপাৰ গুৰিৰ পৰা ওলোৱা পঞ্চমুখ আকাৰৰ বস্তুটো চাবৰ বাবেই ৰাতিপুৱাৰে পৰা ভিৰ কৰিছে একাংশ লোকে ।বহুতে ইয়াক ভগবানৰ আবিৰ্ভাব বুলি ভাবি আইতী সকলে নাম প্ৰসংগ কৰিছে ।আগতে কেতিয়াও নেদেখা বস্তুটো আচলতে কি সেয়া জানিবলৈ সকলোৱে উত্ৰাৱল হৈ আছে ।

কমলপুৰৰ পৰা দেৱজিত ডেকাৰ প্ৰতিবেদন।