মহানগৰীৰ বশিষ্ঠত বেজবৰুৱা বৃদ্ধ সেৱা সংস্থাৰ উদ্যোগত কাপোৰ বিতৰণ কাৰ্যসূচী…

Share This Post

শিৱসাগৰ স্থিত বেজবৰুৱা বৃদ্ধসেৱা সংস্থাৰ ৰাজ্যিক সভাপতি ড°শিখা বেজবৰুৱা গোস্বামীৰ সহযোগত গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ প্ৰাঙ্গনত বহুতো লোকক বাকছৰ পোচাকী কাপোৰ বিতৰণ কৰা হয় আৰু লগতে পৰিস্কাৰ যদিও বহুদিন বাকছত সোমাই থকা কাপোৰসমূহ ধুই পিন্ধিবলৈ পৰামৰ্শ প্ৰদান কৰি বিতৰণ কৰে এপেকেটকৈ চাৰ্ফৰ পেকেট।ভাষন প্ৰসংগত ড°গোস্বামীয়ে উল্লেখ কৰে যে গুৱাহাটী মহানগৰীৰ কিছুমান ফ্লেটত আৰু এলেকাত পানীৰ যথেষ্ট অসুবিধা হৈছে।ওচৰাওচৰিকৈ বৃহৎ বৃহৎ অট্টালিকাবোৰ গঢ়ি উঠাৰ বাবে ভূগৰ্ভৰ পৃষ্ঠভাগৰ পানী নাটনি হোৱা বুলি ব্যক্ত কৰে।বশিষ্ঠ অঞ্চলৰ সকলো বয়োবৃদ্ধ লোকে কভিড ভেকচিনৰ দুই পালি লোৱাটো নিশ্চিত কৰাৰ বুজ লয়।সকলোকে সাৱধানে থাকিবলৈ পৰামৰ্শ আগবঢ়ায়।