অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্তা সকলৰ কাতি বিহু উদযাপন

Share This Post

অসম জাতীয় পৰিষদৰ কাৰ্যকৰ্তা সকলৰ কাতি বিহু উদযাপন

অসমীয়াৰ হিয়াৰ আমঠু কাতি বিহু খেতি পথাৰ আৰু তুলসীৰ তলৰ চাকিটিয়ে অসমীয়া জাতিটোৰ সকলো অপায় অমঙ্গল দুৰ কৰি সুখ-শান্তিৰ পোহৰেৰে আলোকিত কৰক তাকেই কামনা কৰি সকলোলৈ কাতি বিহুৰ শুভেচ্ছা জনাই জালুকবাৰী সমষ্টিৰ চাংসাৰিত অসম জাতীয় পৰিষদৰ সদস্য ও কাৰ্যকৰ্তা সকলে স্থানীয় ৰাইজৰ সহযোগত কাতি বিহু উদযাপন কৰাৰ উদ্দেশ্যে সকলো একত্ৰিত হৈ ধাননি পথাৰত আকাশ বন্তি এগছি প্ৰজ্বলন কৰি কৃষক ৰাইজৰ তথা কৃষি কৰ্মৰ উন্নতি সাধনৰ বাবে প্ৰাৰ্থনা জনায় | লগতে অসম আৰু অসমীয়া ভাষা সংস্কৃতিৰ স্বভিমানৰ উপৰত আঘাত হনা বৰাক ভেলীৰ কোনো দুস্কৃতিকাৰীয়ে অসমীয়া ভাষাৰ বেনাৰ মচি তাৰ উপৰত বঙালী লিখিব দি যি দুস্কৰ্য সংঘটিত কৰিলে তাৰ বিৰোধিতা কৰি ভৱিষ্যতে তেনে কাৰ্য্যৰ পুনৰাবৃত্তি নকৰিবলৈ সকিয়াই দিয়ে |

কমলপুৰৰ পৰা দেৱজিত ডেকাৰ প্ৰতিবেদন।