বি টি আৰৰ ৰাইজ একত্ৰিত হৈ থাককঃললিত হেম্ব্ৰমঃ

Share This Post

বি টি আৰৰ ৰাইজ একত্ৰিত হৈ থাককঃললিত হেম্ব্ৰমঃ

গোসাইগাঁও,১০অক্টোবৰঃবি টি আৰত বসবাস কৰা অবড়ো ৰাইজৰ ভূমিৰ সমস্যা ,অবড়ো গাঁও কৰ্তন ,নিৰাপত্তা সুনিশ্চিত কৰা আদিকে ধৰি বিভিন্ন ইচ্ছ্যুলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাৰ সৈতে কাইলৈ নলবাৰীত অবড়ো সুৰক্ষা সমিতিৰ সৈতে তৃতীয়লানি আলোচনা অনুষ্ঠিত হব ৷অসম চৰকাৰৰ সৈতে অবড়ো সুৰক্ষা সমিতিৰ আলোচনা ইতিমধ্যে এক বাস্তৱ সন্মত ইতিবাচক ভূমিকাত আগবাঢ়িছে ৷এই দৰে কয় অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ললিত হেম্ব্ৰমে ৷আজি ২৮ নং গোসাইগাঁও সমষ্টিৰ ২নং ছেৰফাংগুৰী জাতীয় বিদ্যালয় প্ৰাংগনত আজি
অবড়ো সুৰক্ষা সমিতিৰ গোসাইগাঁও জিলা সমিতিৰ আহ্বানত অনুষ্ঠিত হোৱা মত বিনিময়
সভাত অংশগ্ৰহণ কৰি অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি হেম্ব্ৰমে আৰু কয় যে বি টি চিৰ অবড়ো ৰাইজ সকল একত্ৰিত হৈ থকাটো সময়ৰ আহ্বান হৈ পৰিছে ৷উপ নিৰ্বাচন সম্পৰ্কত অহা ১৫ অক্টোবৰত অবড়ো সুৰক্ষা সমিতিয়ে সিদ্ধান্ত লব কোনো দলক সমৰ্থন দিয়া নিদিয়াৰ ক্ষেত্ৰত ৷আজিৰ এই মত বিনিময় সভাত অবড়ো সুৰক্ষা সমিতিৰ গোসাইগাঁও জিলা সমিতিৰ সভাপতি আমজাদ আলী তালুকদাৰ লগতে ভালেসংখ্যক কৰ্মকৰ্তাৰ লগতে ৰাইজ উপস্থিত আছিল ৷

গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট।